Acts 2

পঞ্চাশ-দিনীয়া পৰ্বৰ দিনা পবিত্ৰ আত্মা নমা

1পঞ্চাশ-দিনীয়া পৰ্ব্বৰ দিনা যীচুৱে মনোনীত কৰা পাঁচনিসকল এঠাইত একেলগে গোট খাই আছিল। 2সেই সময়ত অতিশয় বেগেৰে ধুমুহা বতাহ বলা’ৰ নিচিনা এটা শব্দ স্বৰ্গৰ পৰা অকস্মাতে আহি যি ঘৰত পাঁচনিসকল বহি আছিল, সেই গোটেই ঘৰটো জুৰিলে। 3তেতিয়া তেওঁলোকৰ আগত জিভাৰ সদৃশ জুই ওলাই প্ৰতি জনৰ ওপৰত ৰৈ থাকিল। 4সেই সময়ত তেওঁলোক সকলোৱে পবিত্ৰ আত্মাৰে পূৰ হৈ, আত্মাই নিৰ্দেশ দিয়াৰ দৰে আন আন ভাষাৰে কথা কবলৈ ধৰিলে।

5সেই সময়ত যিৰূচালেমত বাস কৰা ইহুদী সকল আৰু আকাশৰ তলত থকা সকলো দেশৰ পৰা অহা ধৰ্মীয় ভক্তসকল সেই ঠাইত আছিল। 6যেতিয়া স্বৰ্গৰ পৰা অহা সেই শব্দ তেওঁলোকে শুনিবলৈ পালে, তেতিয়া তেওঁলোক একগোট হ’ল আৰু প্ৰতি জনে তেওঁলোকৰ নিজ ভাষাৰে পাঁচনিসকলক কথা কোৱা শুনি কিংকৰ্তব্যবিমূঢ় হ’ল; 7তাতে তেওঁলোকে বিস্ময় মানিলে আৰু আচৰিত হৈ নিজৰ মাজতে ভুৰভুৰালে আৰু কলে, “যি সকলে এই কথা কৈছে, তেওঁলোক গালীলৰ মানুহ নহয় নে?

8যদি সেয়ে সত্য হয়, তেনেহলে আমি প্ৰতিজনে নিজ নিজ মাতৃ-ভাষাত কেনেকৈ শুনিবলৈ পাইছো?” 9পাৰ্থিয়া, মাদিয়া, এলাম, মেচুপতেমিয়া, যিহুদা, কাপদকিয়া, পন্ত, এচিয়া, 10ফিৰুগিয়া, পামফুলিয়া, মিচৰ, এই সকলো দেশৰ মানুহ আৰু কুৰীণীৰ ওচৰৰ লুবিয়াৰ সীমাত থকা সকল, ৰোম নগৰৰ পৰা অহা ইহুদী সকল আৰু ইহুদী ধৰ্ম লোৱা বিদেশী লোকসকল, 11ক্ৰীত আৰু আৰব দেশৰ মানুহবোৰে নিজ নিজ মাতৃ-ভাষাত ঈশ্বৰৰ মহৎ কাৰ্যৰ কথা কৈ থকা শুনিবলৈ পোৱাত

12তেওঁলোকে বিস্ময় মানি সংশয় মনেৰে কোৱাকুই কৰি কলে “এই সকলোবোৰৰ অৰ্থ কি?” 13কিন্তু কিছু সংখ্যক লোকে কলে, “এইবোৰ মানুহ ন দ্ৰাক্ষাৰসেৰে মতলীয়া হৈছে।”

পিতৰৰ বক্তৃতা

14তেতিয়া পিতৰে এঘাৰ জন পাঁচনিৰে সৈতে থিয় হৈ বৰ মাতেৰে কলে, “হে ইহুদী লোক সকল, হে আটাই যিৰূচালেম নিবাসীসকল, এই কথা আপনালোকৰ জ্ঞাত হওঁক আৰু মোৰ কথালৈ কাণ দিয়ক। 15আপোনালোকে যেনেকৈ ভাবিছে, তেনেকৈ এওঁলোক মতলীয়া নহয়, কাৰণ এতিয়া পুৱাৰ ন মানহে বাজিছে৷

16কিয়নো এই সকলো কথা যোৱেল ভাববাদীৰ যোগে কোৱা হৈছিলঃ

17“ঈশ্বৰে কৈছে, শেষৰ দিনা সকলো মানুহৰ ওপৰত মোৰ আত্মা বাকি দিম,
তাতে তোমালোকৰ সতি-সন্ততি সকলে ভবিষ্যত বাণী প্ৰচাৰ কৰিব,
তোমালোকৰ যুৱক সকলে দৰ্শন পাব, তোমালোকৰ বৃদ্ধ লোকসকলে সপোন দেখিব।

18আৰু সেই কালত মই তোমালোকৰ দাস-দাসীসকলৰ ওপৰত মোৰ আত্মা বাকি দিম, তাতে তেওঁলোকে ভবিষ্যত বাণী প্ৰচাৰ কৰিব

19আৰু মই আকাশত অদ্ভুত লক্ষণ আৰু পৃথিবীতো নানা চিন যেনে, তেজ, জুই আৰু ধোঁৱা স্বৰূপ মেঘ দেখুৱাম৷

20প্ৰভুৰ সেই মহৎ আৰু প্ৰসিদ্ধ দিন অহাৰ পুৰ্বেই, সূৰ্য আন্ধাৰ আৰু চন্দ্ৰ তেজৰ দৰে হ’ব।

21কিন্তু যি কোনোৱে প্ৰভুৰ নামত প্ৰাৰ্থনা কৰে, সি পৰিত্ৰাণ পাব।”

22হে ইস্ৰায়েলী লোকসকল, এই কথাবোৰ শুনক; নাচৰতীয়া যীচু আপোনালোকলৈ ঈশ্বৰৰ মনোনীত জন যে হয়, এই বিষয়ে আপোনালোকে জানি আছে। ঈশ্বৰে যে তেওঁৰ দ্বাৰাই আচৰিত আৰু অদ্ভুত কৰ্ম আৰু চিন অাপোনালোকৰ আগত দেখুৱালে, সেয়াও আপোনালোকে জানে৷ 23কাৰণ ঈশ্বৰৰ দ্বাৰা তেওঁ নিৰ্ণীত আৰু পূৰ্ব্ব-জ্ঞানেৰে তেওঁক তোলা হ’ল, কিন্তু আপোনালোকে তেওঁক দুষ্টৰ হাতৰ দ্বাৰাই ক্ৰুচত তুলি বধ কৰিলে। 24কিন্তু ঈশ্বৰে তেওঁক মৃত্যুৰ যাতনাৰ পৰা মুক্ত কৰি জীয়ালে, কিয়নো তেওঁ মৃত্যুৰ বন্ধনত থকা অসাধ্য।

25তেওঁৰ বিষয়ে দায়ুদে কৈছিল, বোলে,

“মই সদায় প্ৰভুক মোৰ সন্মুখত দেখিলোঁ;
মই লৰচৰ নহবলৈ তেওঁ মোৰ সোঁ ফালে থাকে;

26এই হেতুকে মোৰ মন আনন্দিত হৈছে, মোৰ জিভাই উল্লাস কৰিছে

আৰু মোৰ শৰীৰেও ভাৰষাৰে বাস কৰিব;

27কিয়নো তুমি পৰলোকত মোৰ আত্মাক নেৰিবা

আৰু তোমাৰ পবিত্ৰজনাক ক্ষয় পাবলৈ নিদিবা৷

28তুমি মোক জীৱনৰ পথ দেখুৱাবা আৰু তোমাৰ সন্মুখত যি আনন্দ, তাৰে মোক পূৰ কৰিবা।”

29হে ভাই সকল, পিতৃকুলপতি দায়ুদৰ কথা আপোনালোকৰ আগত স্পষ্টকৈ কব পাৰোঁ যে, তেওঁ মৰিল আৰু তেওঁক মৈদামত থোৱা হ’ল, তেওঁৰ সেই মৈদাম আজিলৈকে আমাৰ মাজত আছে৷ 30কিন্তু নিজে এজন ভাববাদী হৈ তেওঁৰ বংশৰ পৰা এজনক তেওঁৰ সিংহাসনত বহুৱাবলৈ, ঈশ্বৰে শপত খাই যি অঙ্গীকাৰ কৰিছিল, 31সেই অঙ্গীকাৰৰ বিষয়ে জানিবলৈ পোৱাত, ভবিষ্যতৰ ঘটনালৈ চাই খ্ৰীষ্টৰেই পুনৰুত্থানৰ বিষয়ে কলে যে-

“তেওঁক পৰলোকত ত্যাগ কৰা নহ’ল আৰু তেওঁৰ শৰীৰো ক্ষয় নাপালে৷”

32সেই যীচুকে ঈশ্বৰে পুনৰায় মৈদামৰ পৰা জীৱিত কৰিলে, সেই ঘটনাৰ সাক্ষী আমি আছো৷ 33এতেকে উত্তোলিত হৈ ঈশ্বৰৰ সোঁহাতে ওখ পদ পাই আৰু পবিত্ৰ-আত্মাৰ বিষয়ে পিতৃৰ পৰা প্ৰতিজ্ঞা পাই আপোনালোকে যি দেখিছে আৰু শুনি আছে, এইবোৰ তেওঁ বাকি দিলে৷

34কিয়নো দায়ুদ হলে স্বর্গলৈ উঠা নাই, কিন্তু তেওঁ নিজেই এই কথা কলে,

“প্ৰভুৱে মোৰ প্ৰভুক কলে, মোৰ সোঁ ফালে বহি থাকা,

35যেতিয়ালৈকে মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীৰা নকৰোঁ।”

36এই কাৰণে ইস্ৰায়েলৰ সকলো মানুহে ইয়াক নিশ্চয়কৈ জনা উচিত যে, যি জনক অৰ্থাৎ যি জন যীচুক আপোনালোকে ক্ৰুচত দিলে, ঈশ্বৰে হলে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে।

তিনি হাজাৰ লোক মণ্ডলীভুক্ত হোৱা

37এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনিসকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?” 38তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওঁক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ অাত্মা পাব৷ 39কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তানসকললৈ আৰু দূৰৈত থকা লোকসকলৰ কাৰণেও এই অঙ্গীকাৰ আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।

40ইয়াৰ উপৰিও তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু কলে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।” 41তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷ 42পাছত তেওঁলোকে পাঁচনিসকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।

43তাতে পাঁচনিসকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু চিন যেতিয়া দেখুওঁৱা হ‘ল, তেতিয়া সকলো লোকৰ ভয় লাগিল 44আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে। 45আৰু তেওঁলোকৰ স্হাৱৰ আৰু অস্হাৱৰ সম্পত্তি বেচি যাৰ যি প্ৰয়োজন, সেইদৰে সকলোকে ভগাই দিলে।

46তাৰ পাছত সকলোৱে এক উদ্দেশ্যেত সদায় মন্দিৰলৈ গৈ থাকিল আৰু ঘৰে ঘৰে পিঠা ভাঙি ঈশ্বৰৰ স্তুতি কৰি, সকলোৱে আনন্দেৰে খোৱা-বোৱা কৰিলে আৰু ঈশ্বৰৰ স্তুতি কৰি সকলো লোকৰ আদৰৰ পাত্ৰ হ’ল৷ প্ৰভুৱে দিনে দিনে পৰিত্ৰাণ পোৱা লোকসকলক তেওঁলোকৰ লগত লগ লগাই দিলে।

47

Copyright information for AsmULB